তামুলপুৰঃ শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী উৎসৱৰ দেওবাৰে দ্বিতীয় দিনা অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীয় কৃষ্টি সমূহৰ প্ৰদৰ্শনেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই তামুলপুৰ মহকুমাবাসীৰ লগতে সমগ্ৰ অসমলৈ কঢ়িয়াইছে সমন্বয়ৰ বাৰ্তা৷ সাংস্কৃতিকভাৱে চহকী তামুলপুৰত ইতিপূৰ্বৰেপৰা বসবাস কৰি অহা বড়ো-কছাৰী, ৰাভা, টোটলা, শৰণীয়া-কছাৰী, মদাহী, কোঁচ-ৰাজবংশী, নেপালী, গোৰ্খা, হাজং, বৰ্মন-কছাৰী, বাঙালী, মুছলমান, বামুন, কলিতা আদি জনগোষ্ঠীৰ বৰ্ণিল সংস্কৃতিয়ে তামুলপুৰ অঞ্চলটো মহিয়ান কৰি তুলিছে৷
আজি শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত তাৰেই প্ৰতিফলন ঘটিল। প্ৰতিটো জনগোষ্ঠীৰ কৃষ্টি সমুহ প্ৰদৰ্শন কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া কৃষ্টি বেণ্ডপাৰ্টি, সত্ৰীয়া নৃত্য, বিয়া নাম, শিশু-কৃষ্ণৰ লীলা আদি কৃষ্টি সমূহৰ প্ৰদৰ্শনে সাংস্কৃতিক শোভাযাত্ৰাটো বিশেষ মাত্ৰা প্ৰদান কৰিছে।