নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ হাতীযুঁজোৱাত সোমবাৰে হিন্দু-মুছলমান উভয় ধৰ্মৰ লোকে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বাতিলৰ দাবীত ৰাজপথত উলিয়ালে বিশাল জোঁৰ সমদল।
কৃষক মুক্তি সংগ্রাম সমিতি, অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সংগঠনে স্থানীয় ৰাইজৰ সহযোগত জোঁৰ সমদলৰ লগতে পথ অবৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। ফলত বহু সময়ৰ বাবে স্তব্ধ হৈ পৰে নগাঁও-বটদ্ৰৱাৰ-ধিং সংযোগী অতি ব্যস্ততাপূৰ্ণ পথটো।