তামুলুপৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সোমবাৰে সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।
তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই পুৱা ৬ বজাৰপৰা বিয়লি ৪ বজালৈ তামুলপুৰ বজাৰ চকত ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। অনশন কাৰ্যসুচীত তামুলপুৰৰ বিভিন্ন শাখা ছাত্ৰ সন্থাৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। অনশন কাৰ্যসূচীৰ জৰিয়তে আছুই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিধেয়ক বাতিল কৰিবলৈ আহ্বান জনায়৷