কাৰ্বি আংলংঃ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক আইনত পৰিণত কৰিবলৈ লোৱা জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সকলো দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংস্কৃতিক কৰ্মী, শিক্ষাবিদ, সাংবাদিক, পুৰুষ-মহিলা, বৃদ্ধ-বণিতা, ছাত্ৰ সমাজকে ধৰি সকলো শ্ৰেণীৰ নাগৰিকে স্বতঃস্ফুৰ্তভাৱে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত এই বিধেয়ক বাতিলৰ দাবীত সোমবাৰে পুৱা ৬ বজাৰপৰা ৰাজ্যজুৰি আছুই ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে৷
কাৰ্বি আংলং জিলাতো সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ৬ খন আঞ্চলিক সমিতি ক্ৰমে বোকাজান আঞ্চলিক ছাত্ৰ সন্থা, ডিফু আঞ্চলিক ছাত্ৰ সন্থা, সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থা, বকলীয়াঘাট আঞ্চলিক ছাত্ৰ সন্থা, পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থা আৰু হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত অনশন কাৰ্যসূচী ৰূপায়ন কৰে৷ বোকাজানত মহকুমাধিপতি কাৰ্যলয়ৰ সমীপত বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যই পুৱা ৬ বজাৰপৰা অনশনত অংশগ্ৰহণ কৰে।