তেজপুৰঃ বিজেপি শাসিত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ কথাৰে বিভিন্ন বেনাৰ পোষ্টাৰ আৰি ৰাইজক সজাগ সচেতন কৰি আহিছে। কিন্ত এইয়া কোৱা কথাহে কৰাৰ ক্ষেত্ৰত বহু পাৰ্থক্য।
তেজপুৰত এই কথা পুনৰ প্ৰমাণ কৰিলে। তেজপুৰৰ হজৰা খেলপথাৰত যোৱা ২ ফেব্ৰুৱাৰীত অসম ৰাজ্যিক বিজেপিৰ ৰাজ্যিক অধিবেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী সমন্ধিতে সকলো মন্ত্ৰী-বিধায়ক নেতা পালিনেতাই ভাগ লৈছিল। কিন্তু অধিবেশন হৈ যোৱাৰ পিছত তেজপুৰৰ ক্ৰিয়াৰ ক্ষেত্ৰত অনুশীলনৰ স্থান হজৰা খেল পথাৰ এতিয়া ডাচবিন সদৃশ হৈ পৰিছে।