নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইদঙীয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদত নমা প্ৰতিবাদকাৰীক বিজেপিৰ গুণ্ডাবাহিনীয়ে আক্ৰমণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ মতে, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই মঙলবাৰে পুৱাৰ ভাগত সমষ্টিত আয়োজিত এক আধাৰশিলা অনুষ্ঠানলৈ আহিছিল৷ এই কথা আগতীয়াকৈ জানিব পাৰি জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি অহা একাংশ সংগঠনে বিধায়িকাগৰাকীক ক’লা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ জনাবৰ বাবে ৰাইদঙীয়াত সমবেত হৈছিল৷
বিধায়িকাগৰাকী সাংগোপাংগ লৈ গাড়ীৰে ৰাইদঙীয়াৰ বাছ আস্থান পাঁওতেই একাংশ প্ৰতিবাদকাৰীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে কেইবাজনো যুৱকে অৰ্দ্ধ উলংগ হৈ বিধায়িকাগৰাকীক গ’ বেক ধ্বনি দিয়ে৷ প্ৰতিবাদকাৰীৰ এনে কাৰ্যত ক্ষোভিত হৈ লগে লগে বিধায়িকাগৰাকীৰ লগত অহা বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ উপ-সভাপতি অতুল পাটৰৰ নেতৃত্বত বিজেপিৰ একাংশ কৰ্মী প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰে৷