Home ৰাজ্যনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণ অৱস্থান

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণ অৱস্থান

by News Desk
58 views
A+A-
Reset

কাকপথাৰঃ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰি অসমত থকা লাখ লাখ অবৈধ বাংলাদেশীক নাগৰিকত্ব দিবলৈ চলোৱা প্ৰচেষ্টাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিবাদ হৈ আছে অৰ্থাৎ সমগ্ৰ ৰাজ্যখনত এক অশান্তিৰ পৰিবেশ সৃষ্টি কৰি তুলিছে।  বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ অসমৰ অন্যতম শক্তিশালী জাতীয়তাবাদী সংগঠন যুৱ-ছাত্ৰ পৰিষদৰ কাকপথাৰ আৰু ডাঙৰী-ছৈখোৱা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত সমগ্ৰ অসমৰ লগতে মঙলবাৰে কাকপথাৰ অসমীয়া দূৰ্গামন্দিৰৰ সমীপত  তিনিঘণ্টীয়া গণ অৱস্থানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। 

অসমীয়া জাতিক অস্তিত্বৰ সংকটত পেলাই বিজেপি নেতৃত্বাধীন চৰকাৰখনে ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব বুলি প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে। প্ৰতিবাদস্থলীত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ভদ্ৰকৃষ্ণ বৰা, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণ উপ-সভাপতি সোনমণি চলিহাই উক্ত প্ৰতিবাদৰ জৰিয়তে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকিয়াই দিব বিচাৰে যে উক্ত বিধেয়কখন কোনোপধ্যেই গৃহিত হ’ব দিয়া নহ’ব আৰু যদিহে গৃহিত কৰে তেন্তে ইয়াতকৈও অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি জানিব দিয়াৰ ইয়াৰ ফলত সৃষ্টি হোৱা যিকোনো পৰিস্থিতিৰ বাবে বৰ্তমানৰ শাসনাধিস্থ বিজেপি চৰকাৰখনে জগৰীয়া হ’ব বুলি কয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0