59
বৰপেটাঃ বৰপেটা চহৰৰ চেহেৰী ক্লাবত মঙলবাৰে দিনৰ ১ বজাত আয়োজিত এক সভাত বৰপেটা জিলাৰ বিভিন্ন স্থানৰপৰা অহা ডিজিটেল মিডিয়াৰ লগত জড়িত সাংবাদিক সকল মিলিত হয়।
উক্ত সভাত সভাপতিত্ব কৰে সাংবাদিক পুলেন্দ্ৰ দাসে। সভাৰ উদ্দেশ্য বাখ্যা কৰে সাংবাদিক হিল্লোল জ্যোতি সৰকাৰে। সভাৰ মূখ্য অতিথিৰূপে আসন গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসে বৰ্তমান যুগত ডিজিটেল সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে।