তামুলপুৰঃ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা প্ৰচলিত শংকৰদেৱ শিশু নিকেতন গান্ধীবাৰীৰ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত ৰূপালী জয়ন্তীৰ শুকুৰবাৰে তৃতীয়দিনা তথা অন্তিম দিনা পুৱাৰ ভাগত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।
পুৱা ৯-০০ বজাত শংকৰদেৱ শিশু নিকেতন, গান্ধীবাৰীৰ পদূলি মুখত শোভাযাত্ৰা মুকলি কৰে আৰক্ষী বিষয়া ৰাজেন বড়োৱে৷ শোভাযাত্ৰাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, আচাৰ্য-আচাৰ্যা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বিশিষ্ট ব্যক্তি সকলৰ উপৰিও বিহু, বড়ো, ৰাভা, শৰণীয়া কছাৰী, হাজং, শংকৰী কলাকৃষ্টি, চানতালৰ উপৰিও বিভিন্ন লোককৃষ্টি সমূহ প্ৰদৰ্শন কৰা হয়। ভিন্ন কৃষ্টি-সংস্কৃতিৰে বৰ্ণিল আৰু ৰঙীন হৈ পৰে গান্ধীবাৰীৰ ৰাজপথ।