কাৰ্বি আংলংঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শুকুৰবাৰে সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং জিলাৰ উদ্যোগ নগৰী বোকাজানতো বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই ৰাজপথত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ প্ৰতিকৃতি দাহ কৰে৷ এই প্ৰতিবাদী কাৰ্য্যসূচীত আছুৰ সদস্য সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি গ’ বেক, আৰ এচ এচ গ’ বেক, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, আছু জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে বোকাজান নগৰৰ আকাশ বতাহ কপাঁই তোলে৷
আজিৰ কাৰ্যসূচীত বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক সদস্যই অংশগ্ৰহণ কৰাৰ লগতে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ-সন্থাৰ সভাপতি ভৱজ্যোতি বৰা আৰু সহকাৰী সাধাৰণ সম্পাদক অৰ্নৱজ্যোতি কাকতি উপস্থিত থাকি জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গানেৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া ৰাইজক প্ৰতাৰণা কৰি হিন্দু বাংলাদেশীক অসম তথা ভাৰতবৰ্ষত সংস্থাপন কৰি নিজৰ ভোট বেংক সৃষ্টি কৰিব বিচৰা নিকৃষ্ট ৰাজনৈতিক চিন্তাধাৰাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷