কাকপথাৰঃ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমনৰ দিনাই সমগ্ৰ অসমতে যুৱ-ছাত্ৰ পৰিষদে ক’লা পতাকা উত্তোলনেৰে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷
কাকপথাৰতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কাকপথাৰ আঞ্চলিক সমিতিয়ে কাকপথাৰ বজাৰৰ সন্মুখত ক’লা পতাকা উত্তোলনেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ আঞ্চলিক সমিতিৰ অৰ্ধশতাধিক কৰ্মীয়ে “নৰেন্দ্ৰ মোডী হুছিয়াৰ”, “হিন্দু নাগৰিকত্ব বিধেয়ক বাতিল কৰক”, “বিজেপি চৰকাৰ গ’ বেক”, সৰ্বানন্দ গ’বেক” ইত্যাদি শ্ল’গানেৰে কঁপাই তোলে৷