73
ডিফুঃ ডিফু চহৰৰ অপায়-অমংগল দূৰীকৰণৰ বাবো দেওবাৰে কাৰ্বি পৰাম্পৰাগত ৰংকেৰ পূজা সম্পন্ন কৰা হয়৷ গ্ৰেটাৰ বাজাৰ কমিটী ডিফুৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ৰংকেৰ পূজা সম্পন্ন কৰা হয়৷
কাৰ্বিসকলৰ জনবিশ্বাস মতে এই পূজা সম্পন্ন কৰিলে গাঁৱৰ অপায়-অমংগল, বাধা-বিঘিনি আদিৰ প্ৰতিকাৰ হয়৷ এই পূজাত কাৰ্বিসকলৰ আৰাধ্য গুৰু হেম্ফু মুক্ৰাং ৰাচিংজাৰ সন্তুষ্টিৰ বাবে পূজাৰীসকলে পূজা কৰে৷