দৰংঃ দৰঙৰ খাৰুপেটীয়া নগৰৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা তথা বিশিষ্ট সমাজ সেৱক আৰু খাৰুপেটীয়া কলেজৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক আব্দুল হাকিমৰ মঙলবাৰে শেষ নিশা দেহাৱসান ঘটে৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৩ বছৰ৷ উল্লেখ্য যে, আজি প্ৰায় এমাহৰপৰা শাৰীৰিক অসুস্থতাত ভুগি থকা প্ৰয়াত আলহাজ আব্দুল হাকিম দৰঙৰ লগতে বৃহত্তৰ খাৰুপেটীয়া অঞ্চলত সকলোৱেই ৰেডিঅ’ আৰু টিভিৰ এগৰাকী কাৰিকৰী দক্ষতা সম্পন্ন ব্যক্তি হিচাপে জনিছিল যদিও পিছলৈ তেখেতে সত্তৰৰ পৰা আশি দশকৰ মাজভাগত পঞ্চায়ত কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈ ৰাইজক প্ৰতিনিধিত্ব কৰিছিল৷