ওদালগুৰিঃ এন ডি এন বিৰ কাৰাৰুদ্ধ অধ্যক্ষ ডি আৰ নাবলা ওৰফে ৰঞ্জণ দৈমাৰীক মুক্তিৰ দাবীত মঙলবাৰে ওদালগুৰিত উলিওৱা হয় এক বিশাল সমদল। ওদালগুৰি ডাইমণ্ড ইংলিচ স্কুলৰ সমীপৰ নলবাৰী খেলপথাৰৰপৰা উলিওৱা সমদলটো চহৰখনৰ সোঁমাজেৰে প্ৰায় চাৰি কিল’মিটাৰ পথ খোজ কাঢ়ি গৈ পুনৰ একেখন খেল পথাৰত সামৰণি পৰে।
ডি আৰ নাবলাক মুক্তি দিয়ক, নো নাব্লা নো পিচ্, ডিফাইদ আচাম ফিভটি ফিভটি আদি অবিৰাম ধ্বনিত কঁপি উঠে ওদালগুৰি চহৰ। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰে লানি নিচিগা শাৰীৰ ফলত চহৰখনৰ বাট-পথ স্তব্ধ হৈ পৰে।