49
নগাঁওঃ বিগত বহু বছৰৰপৰা নগাঁও জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা কুখ্যাত ড্ৰাগছ মাফিয়া আব্দুল জলিল ওৰফে খুকা অৱশেষত পৰিল আৰক্ষীৰ জালত৷
ধৃত ড্ৰাগছ মাফিয়াটোৰ ঘৰ নগাঁও চহৰৰ মধুপুৰত৷ এক গোপন সূত্ৰৰ পম খেদি মঙ্গলবাৰে নিশা নগাঁও সদৰ থানৰ নগৰ শাখাৰ উপ-পৰিদৰ্শক বিৰাজ মোহন ডেকাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে বৃহস্পতিবাৰে নিশা শিয়ালমাৰিৰপৰা আটক কৰে ড্ৰাগছ মাফিয়াটোক।