112
মৰিগাঁওঃ মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনিৰ অনুদান বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই।
উপায়ুক্ত বৰাই আঁচনিখন উদ্বোধন কৰি দিয়া ভাষণত কয় কৃষি হৈছে আমাৰ মূল তত্ব। ইতিমধ্যে চৰকাৰে কৃষকসকল উপকৃত হ’ব পৰাকৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে আৰু আমাৰ জিলা প্ৰশাসনেও কৃষকসকলক সহায় কৰিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে।