নগাঁও: সংখ্যা গৰিষ্ঠতা নথকা স্বত্বেও সকলো জল্পনা কল্পনাৰ তল পেলাই অতি কৌশলপূৰ্ণ ভাৱে জিলা পৰিষদৰ সভাপতিৰ পদটো অনুসুচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত কৰি বিজেপিয়ে বহু চৰ্চিত নগাঁও জিলা পৰিষদ গঠন কৰিবলৈ সক্ষম হ’ল। ২৯ খন আসনেৰে গঠিত নগাঁও জিলা পৰিষদৰ অন্তৰ্গত অনুসুচিত জাতিৰ একমাত্ৰ সদস্য বিজেপি দলৰপৰা থকাত এই পদটোত বিজেপি দলৰ পূৱথৰীয়া জিলা পৰিষদ সমষ্টিৰ সদস্যা মুনমুনী দাস বৰাই বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হয়।
বৃহস্পতিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে জিলা পৰিষদৰ সভানেত্ৰী হিচাপে বৰাই বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হয় বুলি জিলা উপায়ুক্তই ঘোষণা কৰে। আনহাতে, সকলোৰে বাবে মুকলি থকা উপ-সভাপতি পদটোত এ আই ইউ ডি এফ দলৰ সদস্যৰ সমৰ্থনত অৱশেষত বিজেপিৰ দখললৈ যায়।