চামগুৰিঃ বৃহস্পতিবাৰে জম্বু-কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত ৪২ জন চি আৰ পি এফ জোৱান নিহত হোৱাৰ পাছত সমগ্ৰ দেশে ভাগি পৰিছে শোক আৰু ক্ষোভত। জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে নগাঁৱৰ পুৰণিগুদাম কেঞাপট্টিত শনিবাৰে সন্ধ্যা আতচবাজীৰ মাজত ছাৰখাৰ কৰিলে আন্তৰ্জাতিক উগ্ৰপন্থী সংগঠন জইছ-ই-মহম্মদৰ নেতা তথা কুখ্যাত সন্ত্ৰাসবাদী মাচুদ আজহাৰৰ প্ৰতিকৃতি।
ক্ষুব্ধ ৰাইজে মাচুদ আজহাৰৰ প্ৰতিকৃতিত মূত্ৰ বিসৰ্জন দিয়াৰ লগতে ইয়াক জ্বলাই দিয়ে। লগতে পাকিস্তান মুৰ্দাবাদ, মাচুদ আজহাৰ মুৰ্দাবাদ ধ্বনি দি একপ্ৰকাৰ উত্তাল কৰি তোলে নগাঁৱৰ পুৰণিগুদামৰ পৰিৱেশ।