মৰিগাঁওঃ তিৱা স্বায়ত্ব পৰিষদে তিৱা জনগোষ্ঠীয় যুৱক যুৱতী সকলৰ সৰ্বাংগিন বিকাশ আৰু স্ব-নিৰ্ভশীলৰ বাবে প্ৰৱৰ্তন কৰা কৌশল বিকাশ যোজনাৰ আঁচনিৰ অধীনত দেওবাৰে তিৱা স্বায়ত্ব পৰিষদৰ মৰিগাঁওস্থিত কেন্দ্ৰত ১৫০ জন প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
তিৱা স্বায়ত্ব পৰিষদৰ মৰিগাঁও লঠাবৰিস্থিত কৌশল বিকাশ কেন্দ্রত এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত যুৱক-যুৱতী সকলৰ প্ৰমাণ পত্ৰ প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই।