নগাঁওঃ যোৱা ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাৰ অৱন্তিপুৰাত সন্ত্রাসবাদী সংগঠন জইচ-ই-মহম্মদে ভয়ংকৰ বিস্ফোৰণ ঘটাই ৪২ জনকৈ ভাৰতীয় জোৱানৰ প্ৰাণ কাঢ়ি নিয়া ঘটনাৰ প্ৰতিবাদত সোমবাৰে জাজৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
জাজৰি আঞ্চলিক শতদল শাখা সাহিত্য সভা, জাজৰি প্ৰেছ ক্লাব, জাজৰি থানা গাঁওৰক্ষী বাহিনী, জাজৰি বাছ আস্থান ব্যৱসায়ী সন্থা আদি বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধিৰ উপষ্ঠিতিত সন্ধ্যা ৫ বজাত বন্তি, চাকি আৰু মম প্ৰজ্বলিত কৰি বীৰ শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰে।