148
নতুন দিল্লীঃ যোৱা ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ কূটনৈতিক আৰু বাণিজ্যিক ব্যৱস্থাত থৰকাছুটি এৰিছে চুবুৰীয়া দেশখনে।
দুয়ো দেশৰ মাজত দেখা দিয়া উত্তেজনা প্ৰশমিত কৰিবৰ বাবে পাকিস্তানে ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ বিচাৰিছে। পাকিস্তানৰ আশিসধন্য জইছ-ই-মহম্মদৰ আত্মঘাতী আক্ৰমণত ৪২ জন চি আৰ পি এফ জোৱান ছহিদ হৈছিল।