62
তেজপুৰঃ পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল বালিপৰাৰ আকাশ-বতাহ। সন্ত্ৰাসবাদী জইছ-ই-মহম্মদ আৰু প্ৰধানমন্ত্রী ইমৰান খানসহ পাকিস্তানৰ পতাকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে চাৰিদুৱাৰৰ যুৱ সমাজে।
কাশ্মীৰত আত্মঘাতী বোমাৰে ভাৰতীয় সেনাক হত্যা কৰাৰ প্ৰতিবাদত চাৰিদুৱাৰ যুৱ সমাজে হাতে হাতে প্লেকাৰ্ড লৈ সমদল উলিয়াই বালিপৰাত মঙলবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।