কাজিৰঙাঃ অৱশেষত বনবিভাগ আৰু আৰক্ষীৰ জালত পৰিল কাজিৰঙাত ইটোৰ-পাছত সিটোকৈ গঁড় হত্যা কৰি বিশ্বৰ সম্পদ এশিঙিয়া গঁড়ৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি সমগ্ৰ বিশ্বত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰি অহা দুৰ্ধষ চোৰাং চিকাৰী৷
উল্লেখ্য যে, যোৱা ১৫ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ শুকানি বনশিবিৰ এলেকাত এটা মতা গঁড় চোৰাং চিকাৰীৰ গুলীত নিহত হৈছিল৷ পৰিকল্পিতভাৱে অতি নৃশংসতাৰে গঁড়টো হত্যা কৰি চোৰাং চিকাৰীৰ দলটোৱে গঁড়টোৰ খৰ্গ কাটি উধাও হ’বলৈ সক্ষম হৈছিল৷