গুৱাহাটীঃ ম্যানমাৰত অত্যাচাৰৰ সন্মুখীন হৈ বাংলাদেশত থিতাপি লৈ থকা ৰোহিংগীয়া শৰাণাৰ্থীয়ে অসমত প্ৰৱেশ কৰি কেইবাদিন ধৰি বাহৰ পাতি যোৱাৰ লগতে অসমৰ বিভিন্ন ঠাইত ৰোহিংগীয়া শৰণাৰ্থী ধৰা পৰা কাৰ্যই অসমীয়া জাতিৰ বাবে ভয়াবহ ভৱিষ্যতৰ ইংগিত বুলি মন্তব্য কৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানে৷
এক বিজ্ঞপ্তিযোগে তেওঁ কয় যে ইয়াৰদ্বাৰা আমি বুজিব লাগিব যে দুই-এজন ৰোহিংগীয়া শৰাণাৰ্থী অসমত সোমাইছে যদিও সুবিধা পালে যে লাখে লাখে ৰোহিংগীয়া শৰণাৰ্থী অসমত প্ৰৱেশ কৰাবলৈ সুবিধা বিচাৰি আছে৷