ওৰাংঃ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাগাঁৱৰ নিবাসী ৰোহিণী চৌধুৰীৰ তামোল বাৰীত এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ওৰাঙত চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুকুৰবাৰে দুপৰীয়া গৃহস্থই নিজৰ তামোল বাৰীখনত তামোল পাৰিবলৈ দিনমজুৰি কৰা লোকক বাৰীখনলৈ পঠিয়াইছিল।
বাৰীত তামোল পাৰিবলৈ যোৱাত তাত মৃতদেহ প্ৰত্যক্ষ কৰাত হুৱাদুৱা লাগে। ৰঙা কামিজ আৰু ক’লা পেন্ট পৰিহিত লোকজনক বৰ্তমানেও চিনাক্ত কৰা হোৱা নাই। ঘটনাৰ খবৰ পোৱাৰ পাছত ওৰাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গগন চন্দ্ৰ ডেকাই ঘটনাস্থলীত উপস্থিত হয়৷