61
লিডুঃ মাৰ্ঘেৰিটাত চৰম ভাৱে স্খলিত হৈছে আইন শৃংখলা৷ মাৰ্ঘেৰিটা নগৰ তথা ইয়াৰ উপকন্ঠীয় অঞ্চলসমূহত বিগত সুদীৰ্ঘ সময় ধৰি মুক্তভাৱে চলিছে ভাং, কানি আৰু বিলাতী সুৰাৰ লগতে চুলাই মদৰ অবৈধ বেহা৷
বিয়াগোম আবকাৰী বিভাগক চৰমভাৱে ভেঙুচালি কৰি একাংশ অবৈধ সুৰাৰ ব্যৱসায়ী চক্ৰই মহকুমাটোৰ বিভিন্ন প্ৰান্তৰত অলিয়ে গলিয়ে নিচাজাতীয় দ্ৰৱ্য অবাধে বেহা অব্যাহত ৰাখিছে৷ যাৰ বাবে শেহতীয়াকৈ এতিয়া জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ৷