তামুলপুৰঃ বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ গৃহত অনেক গুণমুগ্ধই আজিও ভিৰ কৰে। শনিবাৰে পুৱা আছাম ট্ৰিবিউন কৰ্তৃপক্ষৰ হৈ অধীক্ষক কৰুণাকান্ত কলিতা আৰু আছাম ট্ৰিবিউন এমপ্লইজ ইউনিয়নৰ সভাপতি শান্তনভ হাজৰিকা আৰু সম্পাদক মুগ্ধৰাম কলিতাৰ নেতৃত্বত এটা সজাতি দলে অমৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ গৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰভাৱে সমবেদনা জ্ঞাপন কৰে।
ছহিদ পৰিয়ালত উপস্থিত হৈ সজাতি দলটোৱে প্ৰথমে ছহিদজনাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰাৰ লগতে পৰিয়ালবৰ্গক ট্ৰিবিউন গোষ্ঠীৰ ফালৰপৰা স্মাৰক আৰু কেইখনমান গ্ৰন্থৰ টোপোলা অৰ্পণ কৰে। দলটোত অন্যান্য সদস্যসকল আছিল সাংগঠনিক সম্পাদিকা অনিমা দাস, টংকেশ্বৰ কাকতি, উৎপল কৰ্মকাৰ আৰু পংকজ বৰঠাকুৰ।