খেৰণিঃ যোৰহাটৰ তিতাবৰত শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে সৰ্বসাধাৰণৰ হকে অতিকৈ প্ৰয়োজনীয় আৰু এক অন্যতম অভিলাষী আঁচনিৰূপে মুখ্যমন্ত্ৰী অকাশদ্বীপ যোজনাৰ উদ্বোধন কৰাৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামতো এই আঁচনিৰ যোগেদি বিদ্যুৎ গ্ৰাহকৰ মাজত বিনামূলীয়াকৈ এল ই ডি বাল্ব বিতৰণ কৰে ডংকামোকামস্থিত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে।
ডংকামোকামত আয়োজন কৰা এল ই ডি বাল্ব বিতৰণী সভাত পশ্চিম কাৰ্বি আংলং অতিৰিক্ত জিলা উপায়ুক্ত, ৰংখাং উন্নয়ন খণ্ডৰ বিষয়া শশীকান্ত তিমুং, ডংকামোকাম চহৰ কমিটীৰ ৱাৰ্ড কমিছনাৰ জিতু টেৰাং, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সংমণ্ডল বিষয়া ক্ৰমে শান্তনু বৰা, বিজয় শংকৰ বিৰুৱাৰ বিপৰীতে শতাধিক বিদ্যুতৰ গ্ৰাহক উপস্থিত থাকে।