Home ৰাজ্যৰূপহীহাটৰ দুই দুৰ্ধৰ্ষ ডকাইত কৰায়ত্ত

ৰূপহীহাটৰ দুই দুৰ্ধৰ্ষ ডকাইত কৰায়ত্ত

by News Desk
A+A-
Reset

চামগুৰিঃ অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁৱৰ ৰূপহীহাটৰ দুই দুৰ্ধৰ্ষ দিন ডকাইত। ধৃত দুই ডকাইত ক্ৰমে ৰূপহীহাটৰ কোচগাঁৱৰ ৰাব্বুল আলম আৰু কামালুদ্দিন বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

মঙলবাৰে নগাঁৱৰ পুৰণিগুদামৰ পহুকটাৰ পথাৰত দুই দুৰ্ধৰ্ষ ডকাইতে দিন দুপৰতে সংঘটিত কৰিছিল এক ডকাইতি কাণ্ড। আৰোহণ নামৰ এটা ফাইনেঞ্চিয়েল গোটৰ এজন কৰ্মচাৰীয়ে ৰূপহীহাটৰপৰা পুৰণিগুদাম ন-আলিমূৰস্থিত আৰোহণৰ কাৰ্যালয়লৈ প্ৰায় দুই লক্ষাধিক টকা লৈ আহি থকাৰ সময়তে ডকাইতৰ দলটোৱে কৰ্মচাৰীজনক আক্ৰমণ কৰি টকা লৈ উধাও হৈছিল আৰু ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল আনন্দ বৰা নামৰ আৰোহণৰ কৰ্মচাৰীজন। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছিল তদন্ত আৰু অৱশেষত শনিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল দুই দুৰ্ধৰ্ষ ডকাইতক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0