70
তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰত দেওবাৰে উপস্থিত হয় অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী। শেহতীয়াকৈ ৰাজ্যৰ গোলাঘাট আৰু যোৰহাটত সুৰাৰ বাবে যি দুখজনক ঘটনা সংঘটিত হ’ল তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে পৰমানন্দ ৰাজবংশীয়ে।
দেশীয় সুৰাৰ নামত যুৱ প্ৰজন্মক বিষ পান কৰোৱা হৈছে বুলি তেওঁ গুৰুতৰ অভিযোগ আনে। অৱকাৰী বিভাগৰ উদাসীনতা আৰু ৰাহস্যজনক ভূমিকাক সমালোচনা কৰে সাহিত্য সভাৰ সভাপতিজনে।