কোকৰাঝাৰঃ বি পি এফ কাৰো শত্ৰুও নহয় অথবা কাৰো স্থায়ী মিত্ৰও নহয়। সময় অনুযায়ী বি পি এফে কেতিয়াবা কংগ্ৰেছৰ লগত, সময় অনুযায়ী কেতিয়াবা ইউ ডি এফৰ লগত, কেতিয়াবা বি জে পিৰ লগত আৰু কেতিয়াবা অ গ পৰ লগত থাকিবলগীয়া হ’ব পাৰে। দলটোৰ গোপন নীতিৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে বি পি এফৰ সভাপতি তথা বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
দেওবাৰে কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ খাংখ্ৰাইবাদা বজাৰৰ পথাৰত আয়োজিত হোৱা দেবৰগাঁও ব্লক বি পি এফৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য কৰে।