নগাঁওঃ ভাৰতীয় চৰকাৰী প্ৰচাৰ ব্যৱস্থাৰ অন্যতম প্ৰতিষ্ঠান আকাশবাণী নগাঁও কেন্দ্ৰই ২৩ ফেব্ৰুৱাৰীত গৌৰৱোজ্জ্বল ২৫ বছৰ পূৰ্ণ কৰে৷ ১৯৯৪ চনৰ ২৩ ফেব্ৰুৱাৰী দিনটোতে স্থানীয় অনাতাঁৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰা দিনৰেপৰা মধ্য অসমৰ জিলা কেইখনৰ জনসাধাৰণৰ মাজত শিক্ষা, জ্ঞান তথা মনোৰঞ্জনৰ আহিলা ৰূপে পৰিগনিত হৈ আহিছে এই কেন্দ্ৰ।
কলং, কপিলী নদীমাতৃক সভ্যতাৰ আলোকেৰে বিজড়িত অবিভক্ত নগাঁও-মৰিগাঁও জিলাৰ থলুৱা লোকসংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্রত আকাশবাণী নগাঁও কেন্দ্ৰই প্ৰচেষ্টা চলাই আহিছে।