নগাঁওঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত দেওবাৰে নগাঁও জিলাত ‘প্ৰধান মন্ত্ৰী কৃষান সন্মান নিধি’ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।
নগাঁও সদৰ বিধান সভা সমষ্টিৰ কাছমাৰী পঞ্চায়তৰ অন্তৰ্গত পলাশতল ৰাস মন্দিৰ প্ৰাংগণত পুৱা ১০ বজাৰপৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়াই কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ মুৰব্বী ডঃ নিৰঞ্জন ডেকাই দেশৰ কৃষকসকলৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৰফৰপৰা বছৰত তিনিটা কিস্তিত আগবঢ়োৱা সৰ্বমুঠ ছয় হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ ‘প্ৰধান মন্ত্ৰী কৃষান সন্মান নিধি’ৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়।