94
নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে পুনৰ সংঘটিত অনুৰূপ এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে নগাঁও জিলাত৷
জিলাখনৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱাৰ সমীপৰ কদমনিৰ চলাপথাৰৰ এগৰাকী দুই সন্তানৰ মাতৃ স্বামীৰ অকথ্য শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি নিজ গৃহৰপৰা পলায়ণ কৰে৷ প্ৰাণৰ মমতাত পলাই গৈ দুৰ্ভগীয়া মহিলাগৰাকীয়ে এতিয়া সন্তানসহ আশ্ৰয় লৈছে কামপুৰৰ বুকলুং নামৰ ঠাইত৷