কাজিৰঙাঃ গোলাঘাট আৰু যোৰহাটত চুলাই-মদে মৃত্যুৰ বিভীষিকা সৃষ্টি কৰাৰ পাছত চুলাই-মদৰ বিৰুদ্ধে সৰৱ হৈছে কাজিৰঙাৰ বিভিন্ন দল-সংগঠন। আনকি, কাজিৰঙাৰ কাষৰীয়া গোলাঘাট-কাৰ্বি আংলং সীমান্তৰ ৩০ টাকৈ চুলাই ঘাটি উচ্ছেদৰ আহ্বান জনাই কাজিৰঙাৰ চুলাই বেপাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সচেতন ৰাইজে।
ৰাইজে কয় যে গোলাঘাট-কাৰ্বি আংলং সীমান্তৰ মাজলাইন, ৰঙাজান, দিৰিং, হাতীখুলি আদিকে ধৰি বিভিন্ন এলেকাত দীৰ্ঘদিন ধৰি অবৈধভাৱে চুলাই-মদ তৈয়াৰ কৰাৰ লগতে বিক্ৰী কৰি থকা হৈছে। এই সন্দৰ্ভত বিভিন্ন সময়ত ৰাইজে কৰা অভিযোগৰ ওপৰত ভিত্তি কৰি আবকাৰী আৰু আৰক্ষীয়ে অভিযান চলায় যদিও অভিযানৰ দুদিন মানৰ পাছৰপৰা পুনৰ সক্ৰিয় হয় চুলাই-মদ তৈয়াৰ কৰা এই অসামাজিক লোকসকল।