ৰঙিয়াঃ পথ দুৰ্ঘটনা সংঘটিত হৈ ক্ষতিগ্ৰস্ত হোৱা গাড়ীৰে দ’ম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী থানাৰ চৌহদসমূহ। ৰাজ্য চৰকাৰৰ পঞ্জীনভূক্ত বিভিন্ন কোম্পানীৰ গাড়ীসমূহ এনেদৰে বিভিন্ন সময়ত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত থানাসমূহলৈ অনা হয় যদিও গাড়ীৰ গৰাকীয়ে কেতিয়াও মূৰ নঘমায় তেওঁৰ গাড়ীখনৰ ইঞ্চুৰেঞ্চক লৈ।
কাৰণ থানাত দ’ম হৈ থকা গাড়ীসমূহৰ অধিকাংশৰে নাই ইঞ্চুৰেঞ্চ। এনেদৰে ইঞ্চুৰেঞ্চ নথকা গাড়ীসমূহক লক্ষ্য কৰিয়ে এম এ চি টিৰ বৃহৎ দালাল চক্ৰই গোপনে মিতিৰআলি কৰিছে আৰক্ষীৰ লগত। যাৰ বিনিময়ত একাংশ গাড়ীৰ গৰাকীক কিছু পৰিমানৰ ধনেৰে মেনেজ কৰি তেওঁৰ গাড়ীৰ নম্বৰ দেখুৱাই এম এ চি টিৰ নামত বীমা কোম্পানীৰ পৰা উলিয়াই আনিছে বৃহৎ অংকৰ ধন।