তেজপুৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা বিজিত শইকীয়াৰ আজি বিয়লি ২.৩৫ বজাত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত মৃত্যু হয়। ৭৫ বছৰীয়া বয়োজ্যেষ্ঠ নেতাজনে ছাত্ৰাৱস্থাৰ পৰাই বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত হৈ আছিল।
দৰং মহাবিদ্যালয়ত পঢ়ি থকা কালতে কংগ্ৰেছ দলত যোগদান কৰি যুৱ কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন দায়িত্ব পালন কৰাৰ লগতে ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ তেজপুৰ বিধানসভাৰ পৰা অসম বিধানসভালৈ প্ৰতিনিধিত্ব কৰি হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত উদ্যোগ মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ দায়িত্ব লৈ অসমৰ উদ্যোগ ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল।