নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমত এজনো বিদেশীয়ে নাগৰিকত্ব লাভ নকৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ এই দাবীৰ বিপৰীতে এতিয়া লোকসভা নিৰ্বাচনৰ বতৰতে অসমলৈ এজাক ধুমুহা নমাই আনিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে। মোদী চৰকাৰৰ মন্ত্ৰী তথা অৰুণাচলৰ সাংসদ কিৰেন ৰিজিজুৱে এক সংবাদ মেলত চাকমা-হাজংসকলক অসমত সংস্থাপিত কৰা হ’ববুলি মন্তব্য কৰাৰ পিছতে একুৰা ক্ষোভৰ জুইয়ে উকমুকাইছে সমগ্ৰ অসমত। 

নাগৰিকত্ব সংশোধনী আইনত অসমক অন্তৰ্ভুক্ত কৰাক লৈ এক নতুন বিতৰ্কৰ সূচনা হোৱাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ইটানগৰত সাংবাদিকৰ আগত কয় যে তেওঁৰ গৃহ ৰাজ্য অৰুণাচল প্ৰদেশত বাস কৰা চাকমা আৰু হাজং জনগোষ্ঠীৰ ৬৭ হাজাৰৰো অধিক শৰণাৰ্থী লোকক নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমলৈ স্থানান্তৰিত কৰা হ’ব।

ৰাজ্যিক বিজেপিৰ নেতা বামাং ফেলিক্স আৰু টেচি কাচোৰ উপস্থিতিত অৰুণাচল প্ৰদেশৰ পশ্চিম সংসদীয় সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সোমবাৰে ইটানগৰত এখন সংবাদমেল সম্বোধন কৰিছিল। এই সংবাদ মেলতে নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে ক’বলৈ গৈ অসমৰ কথাও উল্লেখ কৰে ৰিজিজুৱে। ‘কা’ অৰুণাচল প্ৰদেশৰ বাবে আশীৰ্বাদ বুলি অভিহিত কৰি ৰিজিজুৱে কয়, ‘যদি ‘কা’ পূৰ্বতে কাৰ্যকৰী কৰা হ’লহেঁতেন, তেন্তে ১৯৬৪ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত অৰুণাচল প্ৰদেশত চাকমা-হাজং শৰণাৰ্থীক সংস্থাপন কৰাটো কেতিয়াও নহ’লহেঁতেন।’

ৰিজিজুৱে অৰুণাচল প্ৰদেশত চাকমা-হাজং শৰণাৰ্থীসকলক সংস্থাপন সন্দৰ্ভত কয়, ‘তেওঁলোক ইয়াত অতিথি হিচাপেহে আছে। তেওঁলোকৰ ইয়াত নাগৰিকত্বৰ স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ লাভ কৰাৰ অধিকাৰ নাই।’ চাকমা-হাজং শৰণাৰ্থীক অসমত সংস্থাপনক লৈ চৰকাৰখন কিমান দূৰ আগবাঢ়িছে সেই সন্দৰ্ভতো কেতবোৰ বিস্ফোৰক মন্তব্য কৰে ৰিজিজুৱে।

ৰিজিজুৱে কয়, “আমি এই বিষয়ত নীৰৱে কাম কৰি আহিছো আৰু তেওঁলোকৰ স্থানান্তৰৰ বাবে উপযুক্ত স্থান চিনাক্ত কৰিবলৈ অসম চৰকাৰক আহ্বান জনোৱা হৈছে।” নাগৰিকত্ব সংশোধনী আইন অৰুণাচল প্ৰদেশৰ বাবে “আশীৰ্বাদ” বুলি অভিহিত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, “কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও আমি বৈঠকত মিলিত হৈছে। এই বিষয়ত আৰু স্থানান্তৰ প্ৰকল্পৰ বাবে ভূমি চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।”

উল্লেখ্য যে,সংশোধিত নাগৰিকত্ব আইনঅনুসৰি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ বৌদ্ধ আৰু হিন্দুকে ধৰি ছটা সম্প্ৰদায়ক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ যো-জা চলাইছে মোদী চৰকাৰে। আনহাতে অৰুণাচল প্ৰদেশক ‘কা’ৰ বাহিৰত ৰখা হৈছে যদিও ষষ্ঠ অনুসূচীৰ অঞ্চলৰ বাহিৰে অসমত এই আইন প্ৰযোজ্যহ’ব।

চাকমা, হাজঙৰ ইতিহাস

চাকমা আৰু হাজং সম্প্ৰদায় মূলতঃ বাংলাদেশৰ চট্টগং পাহাৰীয়া অঞ্চলৰ জনগোষ্ঠী। চাকমাসকল প্ৰধানকৈ বৌদ্ধ ধৰ্মাৱলম্বী, আনহাতে হাজংসকল হৈছে হিন্দু। ষাঠিৰ দশকত তেতিয়াৰ পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)ৰ কাপটাই বান্ধৰ দৰে উন্নয়নমূলক প্ৰকল্পৰ বাবে নিৰ্যাতন সন্মুখীন হৈ আৰু মাটি হেৰুৱাই এই সম্প্ৰদায়সমূহৰ বহু লোক ভাৰতলৈ পলায়ন কৰিছিল। তেতিয়াৰ পৰাই এই দুই সম্প্ৰদায়ে অৰুণাচল প্ৰদেশত অস্থায়ীভাৱে বাস কৰি নাগৰিকত্ব আৰু অধিকাৰৰ বাবে যুঁজ দি আহিছে।

ৰাজনৈতিকভাৱে এক জটিল আৱৰ্তত সোমাই পৰা চাকমা আৰু হাজং সকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ দাবীৰে উচ্চতম ন্যায়ালয়ত তৰা এক গোচৰত ২০১৫ চনত ন্যায়ালয়ে ১৯৬৪ চনৰ পৰা ১৯৬৯ চনৰ ভিতৰত প্ৰব্ৰজন কৰা চাকমা আৰু হাজংসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল। কিন্তু অৰুণাচল প্ৰদেশৰ স্থানীয় লোক আৰু স্থানীয় সংগঠনসমূহে এইসকল শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা কৰি অহাৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো নাগৰিকত্ব প্ৰদান সম্ভৱ হৈ উঠা নাই।

২০১১ চনৰ লোকপিয়ল অনুসৰি অৰুণাচল প্ৰদেশত ৪৭,৪৭১ জন চাকমা আৰু হাজং আছে। অৱশ্যে বৰ্তমান সময়ত এই সম্প্ৰদায়ৰ লোকৰ সংখ্যাই ৬০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে বুলি বিভিন্ন সংগঠনে দাবী কৰি আহিছে। কোনো কোনো দল-সংগঠনে আকৌ চাকমা-হাজঙৰ সংখ্যা প্ৰায় ৫ লাখৰো অধিক হ’ব বুলিও দাবী কৰা দেখা গৈছে। অৰুণাচলৰ এক চৰকাৰী সূত্ৰই দাবী কৰা মতে পূৰ্বে সংস্থাপন দিয়া ৪৭ হাজাৰৰ পৰা চাকমা আৰু হাজঙৰ জনসংখ্যা সম্প্ৰতি প্ৰায় ২ লাখ হৈছেগৈ। অৱশ্যে আজিলৈকে অৰুণাচল চৰকাৰে চাকমা-হাজং জনসংখ্যাক লৈ কোনোধৰণৰ আনুষ্ঠানিক জৰীপ চলোৱা নাই। ১৯৬৪ চনৰ পৰাই অৰুণাচল প্ৰদেশত বাস কৰিও বিগত ৬০ বছৰ ধৰি ৰাজ্যখনৰ স্থায়ী নাগৰিক হ’ব নোৱাৰা চাকমা আৰু হাজং সকলক এতিয়া ‘কা’ৰ জৰিয়তে অসমত থিতাপি লগাব বিচৰা হৈছে বুলি অভিযোগ উঠিছে। 

কেন্দ্ৰীয় মন্ত্ৰীৰ মন্তব্যক লৈ কি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

ইফালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে চাকমা আৰু হাজংসকলক অসমলৈ স্থানান্তৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে আলোচনা কৰা বুলি দাবী কৰিলেও ইয়াক লৈ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰা দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰিজিজুৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চাকমা আৰু হাজং সকলক অসমত বসতি প্ৰদান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সৈতে তেওঁৰ কোনো ধৰণৰ কথা হোৱা নাই। আনকি চাকমা সকলেও তেওঁৰ সৈতে যোগাযোগ কৰা নাই বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

কিৰেণ ৰিজিজুৱে ৰাজনৈতিক পৰিস্থিতিত এই মন্তব্য কৰা বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘ৰিজিজুৰ এই বক্তব্যৰ বিষয়ে মই অৱগত নহয়। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত আমাৰ লগত কথা পতা নাই। ৰিজিজুৱে হয়তো তাত (অৰুণাচল প্ৰদেশত) ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত কিছু মন্তব্য কৰিছিল। নিৰ্বাচনৰ পিছত মই তেওঁৰ সৈতে কথা পাতিম।”

শৰ্মাই লগতে কয়, “তেওঁলোকক বসতি স্থাপন কৰিবলৈ আমাৰ ক’ত মাটি আছে? চাকমা-হাজং সম্প্ৰদায়ৰ কোনো লোকে এই সন্দৰ্ভত মোৰ সৈতে যোগাযোগ কৰা নাই, কেন্দ্ৰইও একো কোৱা নাই। মই কৈছো যে মোৰ চৰকাৰে অৰুণাচল প্ৰদেশত বাস কৰা অসমীয়া লোকক (প্ৰায় ৬০০০-৭০০০) স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব।”

মন কৰিবলগীয়া যে, নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমলৈ এজনো শৰণাৰ্থী নাহে বুলি বাৰাম্বাৰ দাবী কৰি আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ আন আন নেতাসকলে। শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰৰ মাজতো একেই মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালেও। কিন্তু মুখ্যমন্ত্ৰী বা বিজেপিৰ আন নেতাসকলৰ এনে মন্তব্য যে কেৱল জনতাৰ সন্মুখত প্ৰকৃত সত্য ঢাকিবলৈহে কৰা হৈছে, এতিয়া সেই সন্দেহ ব্যক্ত কৰিছে বিভিন্নজনে।

ৰিজিজুৰ ওলোটা খৰ

চাকমা-হাজঙক লৈ অসম তথা উত্তৰ-পূবৰ ৰাজনীতি উত্তপ্ত হৈ পৰাৰ সময়তে এইবাৰ পুনৰ কথাৰ সুৰ সলাইছে কিৰেন ৰিজিজুৱে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰি হাজং-চাকমাসকলক লৈ কৰা মন্তব্যৰ বিকৃত ৰূপ দি বাতৰি পৰিৱেশন কৰা বুলিহে দাবী কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। 

এই প্ৰসংগত বৃহস্পতিবাৰে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, 'হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী তথা উত্তৰ-পূৱৰ অগ্ৰণী নেতা৷ লোকসভা নিৰ্বাচনৰ মাজত তেওঁক বদনামী কৰিবলৈকে কোনোবাই ষড়যন্ত্ৰ কৰি মোৰ কথাৰ বিকৃত ৰূপ দি চাকমা-হাজংসকলক অসমত সংস্থাপন দিয়া হ’ব বুলি বাতৰি কৰিছে৷’

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ে অনুৰোধ জনোৱাৰ কথাহে তেওঁ কৈছিল বুলি ৰিজিজুৱে আজি দিল্লীত স্পষ্টীকৰণ দিছে৷ আনহাতে অৰুণাচলৰ হাজং-চাকমাসকলক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্থায়ীভাৱে বিকল্প স্থানত সংস্থাপিত কৰাৰ পোষকতা কৰাৰ কথাহে তেওঁ কৈছিল, অসমত সংস্থাপনৰ কথা কোৱা নাছিল বুলি আজি অৰুণাচল তথা দেশৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতা ৰিজিজুৱে দাবী কৰে৷ 

নিৰ্বাচনৰ সময়ত ‘ডেমেজ কণ্ট্ৰল’ কৰাৰ চেষ্টা কৰি ৰিজিজুৱে কয়, 'অসমত সংস্থাপন কৰিব বুলি মই কোৱা নাছিলো৷ তেনে কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷ অসমে আমাক সহায় কৰক বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰাৰ কথাহে মই কৈছিলো৷ কোনে কৈছে যে অসমত হাজং-চাকমাসকলক সংস্থাপনৰ সিদ্ধান্ত লোৱা হৈছে?’

মোদীৰ ওচৰত নতশিৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মাটি এৰি দিব পাৰে মিজোৰামকো!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমপ্ৰীতি বহুতৰে বাবে সন্দেহৰ বিষয় হৈ আহিছে। শেহতীয়াকৈ অসমৰ খিলঞ্জীয়াৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সংশোধিত নাগৰিকত্ব আইনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্থিতিয়েও তেওঁৰ জাতিপ্ৰেম, ভাষাপ্ৰেমৰ প্ৰতি প্ৰশ্নৰ উত্থাপন কৰিছে। লক্ষণীয় যে এইগৰাকী মুখ্যমন্ত্ৰীয়েই  ৩ বছৰ পূৰ্বে কেন্দ্ৰই ক’লে অসমৰ মাটিও মিজোৰামক এৰি দিব বুলি সংবাদ মাধ্যমৰ সন্মুখতে মন্তব্য কৰিছিল।

২০২১ চনৰ জুলাই মাহত মিজোৰামৰ দুষ্কৃতিকাৰীৰ গুলীত অসম-মিজোৰাম সীমান্তত দুই অসমীয়াৰ মৃত্যুৰ সময়তে মুখ্যমন্ত্ৰী শৰ্মাই মিজোৰামক লৈ গ্ৰহণ কৰা দেখা গৈছিল নমনীয় স্থিতি। কেন্দ্ৰীয় চৰকাৰে ক’লে অসমৰ গুৱাহাটী, নলবাৰী, বৰপেটাৰ মাটিও মিজোৰামক এৰি দিব বুলি তেতিয়াই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ মন্তব্যক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তেতিয়া। কংগ্ৰেছকে ধৰি বিৰোধী দল আৰু ব্যক্তিবিশেষে কাপুৰুষ ৰূপেও আখ্যা দিয়া দেখা গৈছিল হিমন্ত বিশ্ব শৰ্মাক।

সেই একেগৰাকী মুখ্যমন্ত্ৰীয়েই এতিয়া সংশোধিত নাগৰিকত্ব আইনক লৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে আওৰোৱা বচন দিনে-নিশা আওৰাই অসমৰ জনতাক আশ্বস্ত কৰিবলৈ চেষ্টা চলাই থকা দেখা গৈছে। খোদ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বহু লোকে অসমত নাগৰিকত্ব লাভ কৰিব বুলি মন্তব্য কৰাৰ পিছতো ‘কা’ক লৈ ভীতিগ্ৰস্ত নহ’বলৈ ৰাজ্যবাসীক আহ্বান জনাই ফুৰিছে মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ আন আন নেতাসকলে। 

মুখ্যমন্ত্ৰী শৰ্মাই ‘কা’ৰ জৰিয়তে এজনো লোকে অসমত নাগৰিকত্ব লাভ নকৰে বুলি সদম্ভে দাবী কৰি অহাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে চাকমা-হাজং সকলক অসমত সংস্থাপিত কৰাৰ প্ৰক্ৰিয়া চলি থকা বুলি কৰা মন্তব্যই এতিয়া শেলে বিন্ধাদি বিন্ধিছে খোদ মুখ্যমন্ত্ৰীগৰাকীকো। বিশেষকৈ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ঠিক পূৰ্বে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা শৰণাৰ্থী সংস্থাপনৰ বিষয়টোৱে অস্বস্তিত পেলোৱা দেখা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ আন আন নেতাসকলক।

অসমত এজাক ধুমুহা... 

অৰুণাচলৰ অস্থায়ী শৰণাৰ্থী চাকমা-হাজং সকলক অসমত সংস্থাপিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কোনো কথা হোৱা নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই দাবী কৰিলেও কিৰেণ ৰিজিজুৱে ২১ এপ্ৰিলত ইটানগৰত সম্বোধন কৰা সংবাদমেলত এই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসম চৰকাৰৰ সৈতে আলোচনা চলা বুলি কৰা মন্তব্যই বিশেষ তাত্পৰ্য বহন কৰিছে।  যাৰ পৰিণামস্বৰূপে লোকসভা নিৰ্বাচনৰ মাজতে ৰাজ্যত ক্ষোভ আৰু প্ৰতিবাদৰ উকমুকনি উঠা পৰিলক্ষিত হৈছে। 

শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ বিচাৰে। তেওঁ কয়,  ‘মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিব লাগে যে তেওঁ ভাৰত চৰকাৰৰ পৰা বা অমিত শ্বাহৰ পৰা এনে কোনো নিৰ্দেশনা পাইছে নেকি। আৰু যদি ৰিজিজুৱে মিছা কথা কৈছে তেন্তে মুখ্যমন্ত্ৰীয়ে তেওঁক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ বাধ্য কৰাব লাগে।’ অসম শৰণাৰ্থীৰ বাবে ‘ডাষ্টবিন’ নেকি বুলিও প্ৰশ্ন কৰে অখিল গগৈয়ে।

অসমত কোনো ধৰণৰ শৰণাৰ্থীক সংস্থাপিত কৰিবলৈ দিয়া নহয় বুলি দাবী কৰি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয়, “অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থক ভেঙুচালি কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।” আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও এয়া বিজেপিৰ অসমীয়া জাতিধ্বংসী ষড়যন্ত্ৰ বুলি অভিহিত কৰে। তেওঁ কয়, ‘ৰিজিজুৰ বক্তব্যই অসমৰ বিৰুদ্ধে ৰচনা কৰা ষড়যন্ত্ৰৰ বিষয়ে স্পষ্টকৈ উদঙাই দিছে। এই ষড়যন্ত্ৰৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীও অৱগত।”

চিপিআই (এম)ৰ ৰাজ্যিক সচিব সুপ্ৰকাশ তালুকদাৰেকয়,‘এনেকুৱা হ’লে অসমৰ পৰিস্থিতি কি হ’ব? অসম বিজেপিৰ সভাপতি ভৱেশ কলিতাই উল্লেখ কৰিছিল যে ‘কা’ৰ অধীনত অসমত কমেও ২০ লাখ লোকে নাগৰিকত্বৰ বাবে আবেদন কৰিব। আৰু এতিয়া ৰিজিজুৱে কৈছে যে তেওঁলোকে (অৰুণাচল প্ৰদেশে) ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে যাতে চাকমা আৰু হাজং শৰণাৰ্থীয়ে অসমত বসতি স্থাপন কৰিব পাৰে।এই কথা এতিয়া ৰাজহুৱাভাৱেও প্ৰকাশ কৰা হৈছে। এয়া অসমৰ বাবে এক ভয়ংকৰ খবৰ।’

জাতিপ্ৰেমী অৰুণাচলী মন্ত্ৰীয়ে স্বভূমিত স্থান নিদিয়ে শৰণাৰ্থীক, কিন্তু অসমে...

উল্লেখ্য যে, মোদী চৰকাৰৰ মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেণ ৰিজিজুৱে ৰাজ্যৰ পৰা চাকমা আৰু হাজংসকলক উৎখাত কৰাৰ নিশ্চয়তা প্ৰদান কৰা এই বিবৃতিটো প্ৰথম নহয়। ২০২১ চনত অৰুণাচল প্ৰদেশত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত ভাষণ দি তেওঁ কৈছিল যে তেওঁৰ ৰাজ্যত বাস কৰা “সকলো বিদেশীয়ে” অৰুণাচল এৰিব লাগিব।

২০২১ চনৰ ২৩ আগষ্টত চাকমা ৰাইটছ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে জাৰি কৰা সংবাদ মাধ্যমৰ বিবৃতি অনুসৰি ৰিজিজুৱে নিজৰ দলৰ যাত্ৰাৰ সময়ত “অৰুণাচল প্ৰদেশৰ চাকমা আৰু হাজংসকলক অৰুণাচল প্ৰদেশত জীৱন নিৰ্বাহ বা বাস কৰিবলৈ দিয়া হ’ব বুলি কোনো ধৰণৰ বিভ্ৰান্তি নাৰাখিবলৈ” সকীয়াই দিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভাষণৰ পিছতে ভাৰতীয় চাকমা ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে মোদী, শ্বাহ আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতলৈ পত্ৰ লিখি এই সন্দৰ্ভত খেদ প্ৰকাশ কৰিছিল।

এইবাৰো চিডিএফআইয়ে ৰিজিজুৰ ২২ এপ্ৰিলৰ বক্তব্যক গৰিহণা দিছে। চিডিএফআইৰ নেতা ছুহাছ চাকমাই কয় যে যদি কোনোবাই অৰুণাচল প্ৰদেশৰ পৰা চাকমা আৰু হাজংসকলক বলপূৰ্বকভাৱে স্থানান্তৰিত কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকে ১৯৯৬ চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ বনাম অৰুণাচল প্ৰদেশ ৰাজ্যৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায় উলংঘা কৰাৰ বাবে অৱজ্ঞাৰ গোচৰৰ সন্মুখীন হ’ব লাগিব। উল্লেখ্য যে, ১৯৯৬ আৰু ২০১৫ চনৰ দুটা আদেশত  আদালতে ৰাজ্য চৰকাৰক চাকমা-হাজং সকলৰ নাগৰিকত্ব ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছিল। অৱশ্যে আদালতৰ সেই আদেশত বিশেষ একো আগবাঢ়িব পৰা নাই। ২০২২ চনত এন এইচ আৰ চিয়ে অৰুণাচলৰ বিজেপি চৰকাৰক তেওঁলোকৰ নাগৰিকত্বৰ আবেদন প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত ‘একচন টেকেন’ প্ৰতিবেদন বিচাৰিছিল।

ছুহাছ চাকমাই দাবী কৰে যে অৰুণাচল প্ৰদেশৰ বেছিভাগ চাকমা আৰু হাজং দেশৰ নাগৰিক আৰু সেয়েহে কোনো চৰকাৰে নিজৰ ইচ্ছাৰ বিৰুদ্ধে এজন নাগৰিকক এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰিব নোৱাৰে। কিম্বা ৰাজ্যৰ হাতত অধিকাৰ আছে বুলিয়েই এটা পৰিয়াল পৃথক কৰাৰ কৰ্তৃত্ব বা ক্ষমতা কাৰো ওচৰত নাই বুলিও মন্তব্য কৰে ছুহাছ চাকমাই।

লক্ষণীয় কথাটো হ’ল উচ্চতম ন্যায়ালয়ে দুবাৰকৈ নিৰ্দেশনা জাৰি কৰাৰ পিছতো চাকমা-হাজংসকলক আজিও শৰণাৰ্থী বুলিয়েই অভিহিত কৰি আহিছে অৰুণাচলৰ স্থায়ী বাসিন্দাসকলে। অৰুণাচল প্ৰদেশৰ সন্তান তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱেও বাৰে বাৰে চাকমা-হাজং সকলৰ অৰুণাচলত কোনো স্থান নাই বুলি স্পষ্ট কৰি আহিছে। 

এনে পৰিপ্ৰেক্ষিততে এতিয়া অৰুণাচলৰ নেতা-মন্ত্ৰীৰ জাতিপ্ৰেম আৰু অসমৰ নেতা-মন্ত্ৰীৰ জাতিপ্ৰেমক লৈ বহুতে প্ৰশ্নৰ উত্থাপন কৰিছে। উচ্চতম ন্যায়লয়ৰ অধিবক্তা তথা লেখক উপমন্যু হাজৰিকায়ো এই বিষয়ত প্ৰশ্ন উত্থাপন কৰি অভিযোগ কৰে যে অসমৰ নেতা-মন্ত্ৰীয়ে মাত্ৰ কেইটামান টকাৰ লোভতে নিজৰ ৰাজ্যখনক, জাতিটোক বিক্ৰী কৰিবলৈ সাজু হৈ থাকে। বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ ওচৰত নতশিৰ হৈ একমাত্ৰ ক্ষমতাৰ লালসাত জাতিটোক প্ৰতাৰণা কৰিবলৈ উঠিপৰি লগাৰ অভিযোগ উত্থাপন হৈছে।