মানুহ এজনেই। কিন্তু সময়ে সময়ে তেওঁৰ কথা সলনি হৈয়েই থাকে। বহুতে ক’ব খোজে- কাপোৰ সলোৱাৰ দৰে কথা সলাব জানে তেওঁ। তেওঁ এজনেই মানুহ, অথচ প্ৰায় ৪০ বছৰলৈ তেওঁ মানুহৰ ঘৰে ঘৰে ভীক্ষা মাগি জীৱন নিৰ্বাহ কৰা বুলি কয়, তাৰ মাজতে তেওঁ ৰাজনীতি কৰে, তাৰ মাজতেই তেওঁ ‘এণ্টায়াৰ পলিটিক্স’ত মাষ্টাৰ ডিগ্ৰীও গ্ৰহণ কৰে। তেওঁ সেইজনেই ব্যক্তি, যিয়ে ভাৰতৰ ডিজিটেল কেমেৰা অহাৰ আগতেই ৰঙীন ফটো তোলে, ই-মেইলৰ প্ৰচলনৰ পূৰ্বেই মেইল কৰিব পাৰে অথবা নলাৰ গেছেৰে চাহ বনাই ব্যৱসায় চলাব জানে। তেঁৱেই সেইজন ব্যক্তি, যিয়ে গুজৰাটৰ কোনো অজ্ঞাত ষ্টেচনত চাহ বিক্ৰী কৰিছিল, তেঁৱেই সেইজন ব্যক্তি, যিয়ে পুখুৰীত ঘৰিয়ালকো গবা মাৰি ধৰিছিল।
বিৰোধীয়ে কয়, তেওঁ হেনো মিছলীয়া। নাম এটাও দিছে- ‘ফেকু মহাৰাজ’। কিন্তু কাহিনীৰ দেশ ভাৰতত সঁচাই হওঁক মিছাই হওঁক তেওঁৰ সকলো কাহিনীয়ে ভাল পায় তেওঁৰ অসংখ্য অনুৰাগীয়ে। সেয়ে তেওঁ ‘এ প্লাছ বি হোলস্কোয়েৰ’ত এক্সট্ৰা ‘টু এ বি’ৰ কথা ক’লেও মানি লয় ছাত্ৰ-ছাত্ৰীয়ে, কদৰ্যময় নলাৰ গেছ পাইপেৰে বোৱাই চাহ বনাব পাৰি বুলি তেওঁ ক’লেও মানুহে ভাৱে- তেওঁ কৈছে যেতিয়া হ’বও পাৰে চাগে!