Categories: 

 

 

অসমৰ চাহ বাগান অসমৰ গৌৰৱ... অসমৰ সম্পদ... অসমৰ সন্মান...। চালে চকুৰোৱা দূৰ দূৰণিলৈকে সেউজীয়া কেৱল সেউজীয়াই মানুহৰ কলিজাতো যেন সিঁচি দিয়ে সেউজবুলীয়া ৰং। দৃষ্টিনন্দন সেউজীয়াৰ মাজে মাজে থিয় হৈ থকা ওখ শিৰিষ গছে বঢ়ায় চাহ বাগানৰ সৌন্দৰ্য। ডাঙৰ ডাঙৰ টুকুৰী পিঠিত বান্ধি বুধুৱা-লচমীহঁতে দুহাতেৰে খৰকৈ চাহপাত চিঙি অসমৰ চাহ উদ্যোগক টনকিয়াল কৰাত কিমান সহায় কৰিছে সিহঁতে নিজেই নাজানে৷ মুখত কোনো কষ্টৰ চাপ নাৰাখি, প্ৰখৰ ৰ’দকো নেওচা দি ইহঁতে জানে কেৱল চাহবাগানত কাম কৰিবলৈ৷ সিহঁতে জানে মাথো এটাই কথা, কামকেইটা সোনকালে নকৰিলে আজি ৰাতি চৌকাত জুই নজ্বলিবও পাৰে৷ 

Categories: 

 

সমগ্ৰ দেশবাসীয়ে অপেক্ষা কৰিছিল শুকুৰবাৰৰ মাজনিশাৰ সেই বিশেষ মুহূৰ্তকেইটালৈ। ব্যস্ততাৰ অন্ত নাছিল ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ইছৰোৰ কাৰ্যালয়ত। অধিকাংশ সময়তে যুক্তিক প্ৰাধান্য দিয়া বিজ্ঞানীসকলৰো মন-মগজু ভৰি পৰিছিল অনন্য অনুভৱৰে। 

 

সময় তেতিয়া নিশা ২ বাজি গৈছে। বিজ্ঞানীসকলৰ অনিসন্ধিৎসু দুচকু কম্পিউটাৰ স্ক্ৰীণত। স্পেচ ছায়েন্সৰ সাংকেতিক ভাষা বুজি নোপোৱা চন্দ্ৰক দেৱতা জ্ঞান কৰি অহা দেশবাসীৰ দুচকু নিৱদ্ধ টিভি অথবা মোবাইলত লাইভ টেলিকাষ্টত। হয়তো বিজ্ঞানৰ বাবে নিশা কোটি কোটি ভাৰতীয় উজাগৰে থকা ঘটনা দেশৰ ইতিহাসত এয়াই প্ৰথম!