জোনাকৰ কোমল পোহৰেৰে চুই থকা পৃথিৱীৰ অৰণ্যৰ গভীৰ নিৰ্জনতাত এজন মানুহে উপলব্ধি কৰিছিল চাৰিটা মহৎ সত্যক। কেউটা কথাই অতি সাধাৰণ— এক, জীৱনত দুখ আছে। দুই, দুখৰ কাৰণ আছে। তিনি, দুখ ৰোধ কৰিব পাৰি। চাৰি, দুখ ৰোধ কৰাৰ উপায় আছে।

এই চাৰিটা মহান সত্য উপলব্ধি কৰা মানুহজনৰ শৰীৰটো দীৰ্ঘদিনৰ কঠোৰ সাধনাৰ অন্তত ইতিমধ্যে প্ৰায় কংকালত পৰিণত হৈছে। এই কংকালসাৰ শৰীৰত অৱস্থান কৰা মনটো ইমানেই শক্তিশালী যে তাক লৈ শংকিত হৈ পৰিছে সকলো লোভ, পাপ, বাসনা, কামনাৰ অধিকাৰী দেৱতা মাৰ। সিদ্ধাৰ্থ গৌতমক, যি অলপ সময়তে সকলো জ্ঞানৰ অধিকাৰী হৈ পৰিব আৰু জগতলৈ অপাৰ বাণী কঢ়িয়াই আনিব, সেইজনাক প্ৰলোভিত কৰিবলৈ মাৰে প্ৰয়োগ কৰিছে তেওঁৰ অসংখ্য মায়াৱী সেনা। আনকি তেওঁৰ লগত আনিছে অপৰিসীম সৌন্দৰ্য্যৰ অধিকাৰিণী অনেক নাৰী। পৰৱৰ্তী কালৰ লেখক সকলৰ মতে সেই সকলোবোৰ তেওঁৰেই কন্যা। এই মাৰ অতীৱ শক্তিশালী। 

মৃত্যু, পুনৰ জন্ম আৰু আকাংক্ষা মাৰৰ অধীন। জানিবলৈ মন যায় , মানৱ জাতিৰ মহান সন্তান গৌতম বুদ্ধক বাধা দিয়া মাৰ দেখিবলৈ কেনেকুৱা আছিল? বৌদ্ধ চিন্তাত চাৰিগৰাকী মাৰৰ কথা কোৱা হৈছে। ইয়াৰে প্ৰথম গৰাকী ক্লেশ মাৰ। এই মাৰে লোভ আৰু ঘৃণাক বহন কৰে। দ্বিতীয়জনা মাৰ মৃত্যু মাৰ। এই মাৰে মৃত্যুৰ অমোঘ শক্তিক কঢ়িয়াই আনে। তৃতীয়জনা মাৰ স্কন্ধ মাৰ। এই মাৰ আমাৰ অস্তিত্বৰ গোটেই দিশবোৰৰ সৈতে জড়িত। চতুৰ্থজনা মাৰ অতি শক্তিশালী আৰু ভয়ংকৰ। এওঁ আমাৰ ইন্দ্ৰিয়ৰ পৰা উৎপন্ন হোৱা সকলো আসক্তিৰ অধিকাৰী। এওঁৰ লগত ভয়ংকৰ মোহিনী শক্তি আছে। নিশাৰ জ্যোৎষ্ণা প্লাৱিত পৃথিৱীৰ পৰা যেতিয়া সিদ্ধাৰ্থ গৌতম কৰ্মৰ পৰা মুক্ত হ'ব খুজিছিল, তেতিয়া এইজনা মাৰৰ বাধাই আছিল সৰ্বাধিক। ১৩০০ চন সময়ৰ জাপানত ৰচিত হোৱা 'ডেন কৰোকো' ( Denkoroko) নামৰ জেন বৌদ্ধ মতবাদৰ উল্লেখযোগ্য গ্ৰন্থখনৰ ৰচয়িতা কেইজান জকিন (Keizan Jokin; ১২৬৮-১৩২৫)ৰ মতে মাৰে ধ্বংসতেই আনন্দ লাভ কৰে। 

সিংহল দ্বীপৰ থেৰাৱাদী বৌদ্ধ চিন্তাৰ শক্তিশালী দাৰ্শনিক, জাৰ্মানীৰ মূল বাসিন্দা ন্যানপনিকা থেৰা (Nyanaponika Thera; ১৯০১-১৯৯৪)ৰ মতে যিবিলাক শক্তিয়ে মানুহক আলোক প্ৰাপ্তিৰ দিশত বা সেই জোনাক নিশা, আজিৰ পৰা বহু হাজাৰ বছৰ আগেয়ে বুদ্ধৰ যি উপলব্ধি, তাৰ পৰা আমাৰ মনবোৰক, আজিও আঁতৰাই ৰাখিছে, সেই শক্তিৰেই মাৰ একো একোটা বিশেষ ৰূপ। বিপাসনা , য'ত মনৰ ভিতৰৰ শক্তিসমূহক নিয়ন্ত্ৰণ কৰিবলৈ বিশেষভাৱে প্ৰস্তুতি চলোৱা হয়, তাত মাৰৰ সৈতে জড়িত এই কথাকেইটাৰ বিশেষ প্ৰাসংগিকতা আছে। বৌদ্ধ চিন্তাৰ মহাযান পৰম্পৰাত বিপাসনাৰ জৰিয়তে শূণ্যতা আৰু বুদ্ধ- প্ৰকৃতি ( Buddha Nature)ৰ  মাজলৈ আমি সোমাই যাব পাৰো। বুদ্ধ প্ৰকৃতি বা চেতনাৰ অধিকাৰী হোৱাৰ ক্ষেত্ৰত আমাৰ মনটোক প্ৰধানতঃ বাধা দিয়ে ক্লেশে। ক্লেশ হ'ল উৎকণ্ঠা , ভয়, খং-ৰাগ, ঈৰ্ষা, আকাংক্ষা, হতাশাৰ সৈতে জড়িত মনৰ বিভিন্ন অৱস্থা। ই আমাৰ আৱেগৰ ধ্বংসাত্মক আৰু আমাৰ মনক খেলি মেলি কৰি দিয়া পৰিবেশৰ সৈতে জড়িত। এই ক্ষেত্ৰত সাধাৰণতে ডাঙি ধৰা উদাহৰণটো হ'ল: যিদৰে জোনৰ কোমল, স্নিগ্ধ উজ্জলতাক ডাৱৰে ঢাকি ধৰে, তেনেদৰে বুদ্ধ - প্ৰকৃতিকো তাৰ উজ্জলতা থকা স্বত্তেও ক্লেশে ঢাকি ধৰে। আপোনাৰ মোৰ দৰে সাধাৰণ জীৱই কৰ্মৰ বন্ধন আৰু আকাংক্ষাৰ সীমাহীন গলিত উটি ভাহি ফুৰিব লগাত পৰে। এই বন্ধন দিনক দিনে তীব্ৰ হৈ উঠে। আমাৰ গুৰুজনাৰ ভাষাত আমাৰ অৱস্থা হৈ পৰে অতি মোহ পাশে চ্ছন্ন। এই সকলোবোৰৰ বাবে দায়ী মাৰ। 

ওপৰত উল্লেখ কৰা কুৰি শতিকাৰ বৌদ্ধ চিন্তাৰ উল্লেখযোগ্য প্ৰবক্তা ন্যানপনিকা থেৰাৰ মতে মাৰ হল The personification of the forces antagonist to enlightenment। জানিবলৈ মন যায় আজিৰ পৰা প্ৰায় ২৪০০ বছৰ আগেয়ে  বিহাৰৰ বিশাল অৰণ্যত বুদ্ধই দেখা মাৰ কেনে আছিল? একেদৰে, মাৰক জয় কৰা ঠিক পিছত বুদ্ধই কি কৰিছিল? এই দুয়োটা কথাৰ উত্তৰ ভাৰতীয় শিল্পীসকলে তাহানিয়েই দি গৈছে। খ্ৰীষ্টিয় প্ৰথম শতিকাত আজি পাকিস্তানৰ অন্তৰ্গত আৰু ভয়ংকৰভাৱে অশান্ত অঞ্চল খাইবাৰ পাখটুন (যাক এতিয়া স্বাত উপত্যকা বুলি কোৱা হয়) ত নিৰ্মাণ হোৱা এটা মাৰৰ মূৰ্তি আছে। গান্ধাৰ শিল্পৰ অন্তৰ্গত এই মূৰ্তিটোত গ্ৰীক শিল্পৰ কৌশল, যি আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ পিছত শিল্পীসকলে আয়ত্ব কৰিছিল আৰু ভাৰতীয় চেতনাৰ উপলব্ধি একেলগে সংৰক্ষিত হৈছিল। মাৰৰ এই মুখখন শক্তিশালী আৰু দমনমূলক। এই মুখত একেসময়তে এই উৎকণ্ঠাও আছে। কাৰণ,নিশাৰ জোনাক ভৰা পৃথিৱীত যেতিয়া এজন তেজ মঙহৰ মানুহে কৰ্মৰ সকলো বন্ধনৰ পৰা মুক্ত হৈ যাব আৰু মাৰৰ ৰাজত্বলৈ পোনপটীয়া প্ৰত্যাহ্বান জনাব, তেতিয়া কিন্তু মাৰ উৎকণ্ঠিত হোৱাই স্বভাৱিক। আনক ভয় দেখুৱাৰ সকলো ইচ্ছা মাৰৰ এই তাহানি প্ৰতিকৃতিত আছে ; একেসময়তে মাৰৰ নিজৰ মনটো কিন্তু ভয়ত দুৰু দুৰুকৈ কঁপিছে। ভাৰতৰেই আন এক অঞ্চল অমৰাৱতিত খ্ৰীষ্টিয় তৃতীয় শতিকাত নিৰ্মাণ কৰা মাৰৰ অসংখ্য সেনা আৰু মোহিনী বানৰ নানা ৰূপ সংৰক্ষিত হৈ আছে। এই প্ৰত্যেকটো ৰূপেই দৰাচলতে আমাৰ মনত চলি থকা নিৰন্তৰ কুৰুক্ষেত্ৰৰ একো একোটা প্ৰতীক। 

মাৰক জয় কৰিয়েই বুদ্ধই অসাধাৰণ শক্তি লাভ কৰিছে। স্থিতপ্ৰজ্ঞ মানু্হজনাই কিন্তু এই প্ৰজ্ঞাৰ পিছতো পৃথিৱীক পাহৰি নগ'ল। তেওঁ মাৰক যে জয় কৰিলে, তাক পৃথিৱীবাসীৰ বাবে জনাই থৈ গ'ল। ভাৰতীয় শিল্পীসকলে বুদ্ধৰ এই পৃথিৱীক স্পৰ্শ কৰা মুহূৰ্তক অতি সযতনেৰে ধৰি ৰাখিছে। ইয়াত ভগৱান বুদ্ধক তেওঁৰ সোঁহাতখনেৰে পৃথিৱী স্পৰ্শ কৰি থকা দেখা গৈছে। ইয়াক ভূমিস্পৰ্শ মুদ্ৰা বুলি কোৱা হয়। পৃথিৱীৰ কেইবাটাও আগশাৰীৰ মিউজিয়ামত বুদ্ধৰ এনে প্ৰতিমূৰ্তি সংৰক্ষিত হৈ আছে। যেনে, ফিলাদেলফিয়া মিউজিয়াম অৱ আৰ্ট। নৱম শতিকাৰ পাল বংশৰ মূৰ্তি, গুপ্ত যুগৰ মূৰ্তি— এক মূৰ্তিবোৰে ভাৰতীয় শিল্পৰ কল্পনা প্ৰৱণতাক বিশেষভাৱে প্ৰতিফলিত কৰিছে। কোনোটো মূৰ্তিত বুদ্ধৰ মূৰটো দো খাই আছে। আৰু কোনোটো মূৰ্তিত বুদ্ধই মূৰটো পোন কৰি ৰাখিছে। ইয়াৰ কেইবাটাও তাৎপৰ্য আছে। এটা হ'ল যে, পৃথিৱীৰ মমতা আৰু পৃথিৱীৰ উদাৰতাক বুদ্ধই পাহৰি যোৱা নাই। দৰাচলতে জাগতিক প্ৰলোভনৰ ওপৰত আত্মাৰ বিজয়ক ভাৰতীয় শিল্পীসকলে  বুদ্ধৰ এই ভূমিস্পৰ্শ মুদ্ৰাৰ যোগেদি পৰৱৰ্তী দিনৰ বাবে ৰাখি গ'ল। জ্ঞানৰ নিৰ্মল আলোকত উজ্জীৱিত বুদ্ধৰ মনটোৱে পৃথিৱীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। কবিৰ ভাষাত ক'বলৈ গ'লে,  বুদ্ধৰ মনটোত যেন আন্দোলিত হৈছে এই ভাৱ: "মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই/জনমৰ আদিম পুৱাত;/মুদিম আকৌ চকু তোমাৰ কোলাতে শুই/জীৱনৰ শেষ সন্ধিয়াত।"

ভাবি ভাল লাগে, মাৰ দেৱতাৰ অসাধাৰণ সৌন্দৰ্য্যৰ অধিকাৰীণী কন্যা- তানহা, আৰতি আৰু ৰাগাক নিমিষতে বতাহে কপাহ আঁতৰাই পঠিওৱাৰ দৰে পঠিওৱা মানুহজনে পৃথিৱীৰ মমতা আৰু শক্তিক আঁতৰাই পঠিওৱা নাই। আৱেগৰ সম্পূৰ্ণ শাসন আৰু সত্যৰ অবিৰাম ধ্যানে তেওঁৰ মনটোক অহৰহ কৃতজ্ঞ কৰি ৰাখিছে। পৰৱৰ্তী সময়ৰ বুদ্ধৰ প্ৰত্যেক কাৰ্য্যই ইয়াকেই প্ৰমাণ কৰিছে যে নিৰ্বাণ লাভ কৰা ব্যক্তি নিষ্ক্ৰিয় হৈ থকা উচিত নহয়। নিৰ্বাণৰ অৰ্থ জীৱনৰ সমাপ্তি নহয়। নিৰ্বাণৰ অৰ্থ মানৱ কল্যাণ। দুখৰ শিকলিত থকা ১২টা সংযোজকক বৌদ্ধসকলে নাম দিছে দ্বাদশনিদান বা ভাৱ চক্ৰ। এই শিকলি চিঙি আগুৱাই যাবলৈ মানৱ আত্মাক অনুপ্ৰাণিত কৰাই বুদ্ধৰ কাম। আদিগুৰু শংকৰাচাৰ্যই কৈছিল যে ব্রহ্ম সত্য জগৎ মিথ্যা। 

এই উপলব্ধিৰ পিছতো শংকৰাচাৰ্য কৰ্ম বিমুখ হোৱা নাই। সমাজৰ প্ৰতিজন নিঃস্ব ব্যক্তিক অৰ্থপূৰ্ণ জীৱন প্ৰদান কৰাই বৌদ্ধ চেতনাৰ প্ৰধান দিশ। বৌদ্ধ চেতনাৰ ব্যাপ্তি আৰু গভীৰতা ভাৰতীয় চেতনাত ইমানেই শক্তিশালী যে ই আত্মাৰ যথাৰ্থতা, ভাষাৰ সীমাবদ্ধতা আনকি ৰাজতন্ত্ৰৰ  স্বৰূপকো জোকাৰি গৈছে। প্ৰখ্যাত ভাৰতীয় দাৰ্শনিক জিতেন্দ্ৰনাথ মহান্তি (১৯২৮-২০২৩) ৰ মতে : "The Buddhist philosophers rejected the belief in an imperishable self , they rejected the naive realism about the external world , they rejected the power of language to mirror reality , they rejected the efficacy of ritualistic actions and by implication, the authority of the Vedas and not an unimportant revolution, they rejected the divine origin of monarchy." বৌদ্ধ চিন্তাই আমাৰ মনৰ জগতখনক নানা ভাগত ভাগ কৰি লৈছে। তাহানি গান্ধাৰৰ বাসিন্দা আৰু নালন্দাৰ মহান শিক্ষক বসুবন্ধুৱে ( চতুৰ্থ-পঞ্চম শতিকা)  আলয় বিজ্ঞানৰ জৰিয়তে মানুহৰ মন বা সচেতনতাৰ বিষয়ে বিস্তৃতভাৱে কৰা বিশ্লেষণ জ্ঞান চৰ্চাৰ আন এটা দিশ। আমাৰ মনটো ভঁৰালৰ দৰে। কামনা, বাসনাৰ অন্তহীন ক্ৰিয়া-প্ৰতিক্ৰিয়াই আমাক গঢ় দিয়ে। ইয়াতেই সক্ৰিয় হৈ থাকে আমাৰ অতীতৰ অভিজ্ঞতা। 

নানান অভিজ্ঞতাক আলোকৰ জৰিয়তে পৰীক্ষা-নিৰীক্ষা কৰি চোৱাৰ বাবে বুদ্ধই প্ৰেৰণা দি গৈছে। এজন সাধাৰণ মানুহ হিচাপে, একবিংশ শতিকাৰ এই সময়ছোৱাত আমাৰ আকৌ জানিবলৈ মন যায়, বুদ্ধক লগ পোৱাৰ পিছত বাসনাৰ দেৱতা মাৰৰ কি হ'ল? বুদ্ধৰ সন্মুখত শিৰ নত কৰি মাৰে ধৰ্মৰ কোনো দিনে অহিত সাধন নকৰে বুলি প্ৰতিজ্ঞাবদ্ধ হল। তেওঁ আশ্ৰয় ল'লে সংস্কৃত ভাষাত কোৱা, ত্ৰিৰত্নৰ ওচৰত- বুদ্ধ, ধৰ্ম আৰু সংঘ। গান্ধাৰৰ তাহানিৰ খ্ৰীষ্টিয় দ্বিতীয় শতিকাৰ সেই ভাৰতীয় শিল্পীসকলে এই ত্ৰিৰত্নক অপূৰ্ব প্ৰতিভাৰে শিলত কাটি থৈ গৈছে। এই মূৰ্তি সংৰক্ষিত হৈ আছে বাৰ্লিনৰ মিউজিয়ামত (Ethnological Museum of Berlin)। বাসনাক অতিক্ৰম কৰি আত্মাক মহত্ব আৰু ন্যায় দিয়াটোৱেই যেন বৌদ্ধ, বৌদ্ধ চেতনাৰ সৈতে জড়িত অনেক দাৰ্শনিক তথা প্ৰচাৰক আৰু ভাৰতীয় শিল্পীসকলৰ একমাত্ৰ উদ্দেশ্য আছিল। "অতি মোহ পাশে চ্ছন্ন" - জীৱনৰ পৰা নিৰাসক্ত জীৱনলৈ গতি কৰাই বৌদ্ধ ধৰ্মৰ মূল কথা। এয়াই গীতাৰো বাণী। 


কেবা দশক ধৰি সাংবাদিকতাৰ সৈতে জড়িত জ্যোতি খাটনিয়াৰ এগৰাকী চিন্তাশীল লেখক।