সকলো আৰম্ভণিৰে এছোৱা জীৱন থাকে৷ লগে লগে থাকে তাৰ অন্তিম পৰিণতি৷ আৰম্ভণিৰ পৰা শেষ, শেষৰ পৰা আকৌ নতুন আৰম্ভণিৰেই অব্যাহত থাকে জীৱজগতৰ কৰ্মকাণ্ড৷ জীৱন যদি আৰম্ভণি, তেনেহ’লে মুক্তি অথবা মৃত্যু তাৰ অন্তিম বিন্দু৷ সেইবাবেই মৃত্যুৰ আন এটা নাম অন্তক৷ কিন্তু মৃত্যু, মোক্ষ, মুক্তি যি অভিধাই দিয়া নহওক কিয়, এই পৰ্বটো ৰহস্যময় হৈয়ে আহিছে সৰ্বকাল৷ অন্তিম উশাহ মানেই শেষ নে তাৰ পিছতো অৱশেষ থাকে, তাক লৈ মানুহৰ জিজ্ঞাসাৰ অন্ত নাই৷ মৃত্যুৰ সিপাৰৰ পৰা কোনো মানুহেই তাত কি আছে ক’বলৈ আৰু ঘূৰি অহা নাই৷ সেই বাবেই পৃথিৱীৰ সকলো মানুহৰ বাবে মৃত্যু আলোচনাৰ বিষয় হৈ আহিছে৷
দৰ্শন, ধৰ্ম, চিকিৎসা বিজ্ঞানৰ বিশ্লেষণত মৃত্যুৱে পাই আহিছে ন ন ব্যাখ্যা৷ গছ এজোপাৰ গজালি ওলোৱা মানে গজালিটোৰ অন্তিম ক্ষণ এটা যেনেদৰে নিশ্চিত হৈ পৰে, একেদৰে এটি কেঁচুৱা ভূমিস্থ হোৱা মানে তেওঁৰ জীৱন আৰু মুক্তি নিশ্চিত হৈ পৰা৷ অৰ্থাৎ জন্মৰ পলকটোৰ পৰাই জীৱনৰ অন্তও অৱধাৰিত হৈ পৰে৷ অৱশ্যে অত্যন্ত প্ৰয়োজনীয় সত্য এয়ে যে- জন্ম হৈয়ে কোনোৱে মৃত্যুলৈ গতি নকৰে৷ জন্ম আৰু মুক্তিৰ মাজৰ জীৱন নামৰ পথছোৱা অতিক্ৰম কৰাটোতেই ম অন্তৰ্নিহিত হৈ থাকে৷ বৈদিক আৰ্যসকলে উপলব্ধি কৰিব পাৰিছিল যে বিশ্বব্ৰহ্মাণ্ডৰ কাৰ্য-কলাপ বৰ্তি থাকিবলৈ মানুহৰ মুক্তি অথবা মৃত্যুৰ অতি প্ৰয়োজন৷ অৰ্থাৎ জীৱনৰ বাবেই প্ৰয়োজন মৃত্যুৰ৷ কঠ উপনিষদত সেয়ে কোৱা হৈছে- যেনেদৰে শস্য গজে, লাহে লাহে বাঢ়ি গৈ গুটিবোৰ পূৰথ হয় আৰু এদিন পকি সৰি যায়, মানুহৰ জীৱনো ঠিক তেনেকুৱা- ‘শস্যমিৱ মৰ্ত্যঃ পচ্যতে৷