49
ওদালগুৰিঃ ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ঝাৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
পথ দুৰ্ঘটনাটিত নিহত হয় নয়নতৰা ভ্ৰাম্যমান থিয়েটাৰৰ ব্যৱস্থাপক তথা জ্যেষ্ঠ অভিনেতা লক্ষী বৰদলৈ। জানিব পৰা মতে, থিয়েটাৰৰ দলটোৱে নলবাৰী অভিমুখে গৈ থকা অৱস্থাত সন্ধিয়া ওদালগুৰিৰ ঝাৰগাঁৱত থিয়েটাৰৰ এখন ট্ৰাকৰ চকা পাংচাৰ হয়।