ডিমাকুছিঃ ৰাজ্যৰ সুৰা ট্ৰজেডিক লক্ষ্য কৰি আৰু চাহ শ্ৰমিক ৰাইজক সচেতন কৰিবলৈ অসম চাহ জনজাতি ছাত্র সন্থা (আটছা) বৰেংগাজুলি প্ৰাইমেৰী সমিতিৰ উদ্যোগত আৰু জিলা সমিতিৰ সহযোগত সকলো শ্ৰমিক ৰাইজক লৈ এটি সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে সুৰাৰ ঘাটিসমূহ উচ্ছেদ কৰা হয়।
অভিযানত বহুতো ঠাইত চুলাই-মদৰ ভাটি উচ্ছেদ কৰা হয়। বাগিচাৰ মহিলা শক্তিৰ দলটো আৰু সাধাৰণ চাহ বাগিচাত কাম কৰা মহিলাসকলে ‘চাহ বাগিচাত চুলাই-মদৰ বেহা বেপাৰ বন্ধ কৰক’, ‘চাহ শ্ৰমিক সজাগ হওক’, ‘শিক্ষাৰ প্ৰতি আগ্ৰহী আহক’, ‘নিজৰ সন্তানক সুস্থভাৱে গঢ়ি তোলক’ আদি শ্ল’গেন দিয়ে।