40
নলবাৰীঃ নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰত বুধবাৰে এখন ৰবি শস্যৰ প্ৰদৰ্শনীৰ লগতে কৰ্মশালা অনুষ্ঠিত হয়। নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষন দেৱ চৌধুৰীয়ে মুকলি কৰা প্ৰদৰ্শনীখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষক সকলে নিজৰ নিজৰ উৎপাদিত সামগ্ৰী সমূহ প্ৰদৰ্শন কৰে।
ইয়াৰ পিছতেই কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হোৱা ৰবি শস্যৰ কৰ্মশালাত নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য সমন্বয়ক মূদুল ডেকাই অনুষ্ঠানটোত আঁত ধৰে।