ওদালগুৰিঃ সুদীৰ্ঘ ২৮ বছৰ পাছত নিজৰ প্ৰথম কৰ্মভূমি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত উপস্থিত হৈ নষ্টালজিক হৈ পৰে যোগগুৰু বাবা ৰামদেৱ। ঊনৈশ শতিকাৰ নব্বৈ দশকৰ প্ৰথমছোৱাত উত্তৰ-পূৰ্ৱাঞ্চল ভ্ৰমণলৈ অহা যোগগুৰু ৰামদেৱে প্ৰথমে সেই সময়ৰ অবিভক্ত দৰং আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ বান্দৰগুৰি গাঁৱত যোগ শিৱিৰ অনুষ্ঠিত কৰি সেই সময়তে জিলাখনৰ ভৈৰৱকুণ্ডলৈ গৈ বিভিন্ন বন দৰৱৰ সন্ধান কৰি ভৈৰৱকুণ্ডত স্থায়ীভাৱে আয়ুৰ্বেদ চিকিৎসাৰ আশ্ৰম নিৰ্মাণৰ প্ৰচেষ্টা চলাইছিল।
কিন্তু সেই সময়ৰ পৰিস্থিতিৰ প্ৰেক্ষাপটত নিজৰ সেই প্ৰচেষ্টা কাৰ্যকৰী কৰিব নোৱাৰি বাবা ৰামদেৱে ওদালগুৰিৰপৰা অন্তৰ্ধান হৈছিল। কিন্তু আজি প্ৰায় ২৮ বছৰ পাছত এক কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিবলৈ আহি নিজৰ প্ৰথম কৰ্মভূমিৰ স্মৃতিত ৰামদেৱক কিছু পৰিমাণে আৱেগিক হৈ পৰা দেখা যায়।