78
নলবাৰীঃ অখিল ভাৰতীয় বিদাৰ্থী পৰিষদ নলবাৰী নগৰ শাখাৰ উদ্যোগত আজি পাকিস্তানত যি ভাৰতীয় বায়ু সেনাই এয়াৰ ষ্টাইক কৰি পাকিস্তানক ধৰাসায়ী কৰিলে তাৰেই আনন্দত ফটকা-ফুটাই বিজয় উৎসৱ পালন কৰে।
লগতে আজি পাকিস্তানৰ বিমান LOC পাৰ কৰি ভাৰতত প্ৰবেশ কৰাত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বিমানখন ধ্বংস কৰে । সংগঠনটোয়ে ভাৰতীয় সেনা জিন্দাবাদ, ভাৰত মাতা কী জয় ধ্বনিৰে নলবাৰী কলেজ চ’ক ত বিজয় উৎসৱ পালন কৰে৷