মঙ্গলদৈঃ শিশু সকল দেশৰ ভৱিষ্যত। আজিৰ শিশু কাইলৈৰ নাগৰিক। শিক্ষা-দীক্ষা, আচাৰ ব্যৱহাৰেৰে সু-নাগৰিক হিচাপে গঢ়ি তোলাটোহে প্ৰতিগৰাকী অভিভাৱকৰ প্ৰধান দায়িত্ব হোৱা উচিত।এই মন্তব্য দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাসৰ ।
বৃহস্পতিবাৰে পাথৰিঘাতৰ ৰইনাকুছি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অনুষ্ঠিত এখন সজাগতা সভাত ভাগ লৈ এই দিশত অভিভাৱকৰ লগতে সমাজ সচেতন প্ৰতিগৰাকী লোককে সজাগ,সচেতন হৈ বাল্য বিবাহ ৰোধত আগবাঢ়িবলৈ মুকলি আহ্বান জনায় ।