নামৰূপঃ বিজ্ঞানী চন্দ্ৰশখৰ ভেংকট ৰমনৰ জন্ম দিনৰ লগত সংগতি ৰাখি বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে প্ৰতি বছৰে ভাৰতত ২৮ ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। এই উপলক্ষে বৃহস্পতিবাৰে নামৰূপ মহাবিদ্যালয়ৰ সামাজিক সাংস্কৃতিক বিকাশ কেন্দ্ৰ আৰু নামৰূপ মহাবিদ্যালয় পৰিয়ালৰ সৌজন্যত মহাবিদ্যালয়ৰ পাৰ্শ্ৱৱৰ্তী এলেকাৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ মডেল, প্ৰজেক্ট আৰু প’ষ্টাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
মুঠ একচল্লিশটা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। লগতে মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা বিজ্ঞান বিষয়ক প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ অন্তত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান শাখাৰ পৰীক্ষাগাৰসমূহ পৰিদৰ্শন কৰোৱাৰ লগতে ইয়াৰ এক থূলমূল আভাষ দিয়া হয়। এই কাৰ্যসূচী পৰিচালনা কৰে পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° দুৰ্গা প্ৰসাদ গগৈ আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক জয়ন্ত সোনোৱালে।