চামগুৰিঃ নগাঁৱৰ পুৰণিগুদামৰ গড়মূৰত শনিবাৰে নিশা চলিল অবৈধ চুলাই মদৰ বিৰুদ্ধ ব্যাপক অভিযান। স্থানীয় মহিলা সমিতিয়ে পুৰণিগুদাম আৰক্ষীৰ সহযোগত গড়মূৰৰ কেইবাটাও স্থানত অভিযান চলাই অবৈধভাৱে মজুত ৰখা বৰবিহ স্বৰূপ প্ৰায় শতাধিক লিটাৰ চুলাই মদ জব্দ কৰি পাছত নষ্ট কৰা হয়।
কেইবাটাও স্থানত চলোৱা উক্ত অভিযানত আৰক্ষীয়ে কিন্তু এজনো অসাধু ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহ’ল। উল্লেখ্য যে, এইসমূহ স্থানত দীৰ্ঘদিন ধৰি দেশীয় সুৰাৰ অবৈধ বেহা চলি থকাৰ অভিযোগ উত্থাপন হৈ আছিল।